د قرآن کریم د معناګانو ژباړه

آسامي ژباړه

Scan the qr code to link to this page

سورة القيامة - আল-ক্বিয়ামাহ

د مخ نمبر

آیت

د آیت د متن ښودل
د حاشيې ښودل
Share this page

آیت : 1
لَآ أُقۡسِمُ بِيَوۡمِ ٱلۡقِيَٰمَةِ
মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,
آیت : 2
وَلَآ أُقۡسِمُ بِٱلنَّفۡسِ ٱللَّوَّامَةِ
মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,
آیت : 3
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَلَّن نَّجۡمَعَ عِظَامَهُۥ
মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
آیت : 4
بَلَىٰ قَٰدِرِينَ عَلَىٰٓ أَن نُّسَوِّيَ بَنَانَهُۥ
কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
آیت : 5
بَلۡ يُرِيدُ ٱلۡإِنسَٰنُ لِيَفۡجُرَ أَمَامَهُۥ
বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।
آیت : 6
يَسۡـَٔلُ أَيَّانَ يَوۡمُ ٱلۡقِيَٰمَةِ
সি প্ৰশ্ন কৰে, ক্বিয়ামতৰ দিৱস কেতিয়া আহিব?
آیت : 7
فَإِذَا بَرِقَ ٱلۡبَصَرُ
এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,
آیت : 8
وَخَسَفَ ٱلۡقَمَرُ
আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,
آیت : 9
وَجُمِعَ ٱلشَّمۡسُ وَٱلۡقَمَرُ
আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-
آیت : 10
يَقُولُ ٱلۡإِنسَٰنُ يَوۡمَئِذٍ أَيۡنَ ٱلۡمَفَرُّ
সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
آیت : 11
كَلَّا لَا وَزَرَ
কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
آیت : 12
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمُسۡتَقَرُّ
সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
آیت : 13
يُنَبَّؤُاْ ٱلۡإِنسَٰنُ يَوۡمَئِذِۭ بِمَا قَدَّمَ وَأَخَّرَ
সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।
آیت : 14
بَلِ ٱلۡإِنسَٰنُ عَلَىٰ نَفۡسِهِۦ بَصِيرَةٞ
বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,
آیت : 15
وَلَوۡ أَلۡقَىٰ مَعَاذِيرَهُۥ
যদিও সি নানা অজুহাত দেখুৱায়।
آیت : 16
لَا تُحَرِّكۡ بِهِۦ لِسَانَكَ لِتَعۡجَلَ بِهِۦٓ
ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
آیت : 17
إِنَّ عَلَيۡنَا جَمۡعَهُۥ وَقُرۡءَانَهُۥ
নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
آیت : 18
فَإِذَا قَرَأۡنَٰهُ فَٱتَّبِعۡ قُرۡءَانَهُۥ
এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,
آیت : 19
ثُمَّ إِنَّ عَلَيۡنَا بَيَانَهُۥ
তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।

آیت : 20
كَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ
কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;
آیت : 21
وَتَذَرُونَ ٱلۡأٓخِرَةَ
আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
آیت : 22
وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ
সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
آیت : 23
إِلَىٰ رَبِّهَا نَاظِرَةٞ
সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
آیت : 24
وَوُجُوهٞ يَوۡمَئِذِۭ بَاسِرَةٞ
আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
آیت : 25
تَظُنُّ أَن يُفۡعَلَ بِهَا فَاقِرَةٞ
সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
آیت : 26
كَلَّآ إِذَا بَلَغَتِ ٱلتَّرَاقِيَ
নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,
آیت : 27
وَقِيلَ مَنۡۜ رَاقٖ
আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
آیت : 28
وَظَنَّ أَنَّهُ ٱلۡفِرَاقُ
তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
آیت : 29
وَٱلۡتَفَّتِ ٱلسَّاقُ بِٱلسَّاقِ
আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
آیت : 30
إِلَىٰ رَبِّكَ يَوۡمَئِذٍ ٱلۡمَسَاقُ
সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
آیت : 31
فَلَا صَدَّقَ وَلَا صَلَّىٰ
কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
آیت : 32
وَلَٰكِن كَذَّبَ وَتَوَلَّىٰ
বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
آیت : 33
ثُمَّ ذَهَبَ إِلَىٰٓ أَهۡلِهِۦ يَتَمَطَّىٰٓ
তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
آیت : 34
أَوۡلَىٰ لَكَ فَأَوۡلَىٰ
দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
آیت : 35
ثُمَّ أَوۡلَىٰ لَكَ فَأَوۡلَىٰٓ
আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
آیت : 36
أَيَحۡسَبُ ٱلۡإِنسَٰنُ أَن يُتۡرَكَ سُدًى
মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
آیت : 37
أَلَمۡ يَكُ نُطۡفَةٗ مِّن مَّنِيّٖ يُمۡنَىٰ
সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
آیت : 38
ثُمَّ كَانَ عَلَقَةٗ فَخَلَقَ فَسَوَّىٰ
তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
آیت : 39
فَجَعَلَ مِنۡهُ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।
آیت : 40
أَلَيۡسَ ذَٰلِكَ بِقَٰدِرٍ عَلَىٰٓ أَن يُحۡـِۧيَ ٱلۡمَوۡتَىٰ
সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?
په کامیابۍ سره ولیږل شو