Header Include

الترجمة الأسامية

ترجمة معاني القرآن الكريم إلى اللغة الاسامية، ترجمها الشيخ رفيق الإسلام حبيب الرحمن. عام الترجمة 1438هـ

QR Code https://quran.islamcontent.com/ar/assamese_rafeeq

وَٱلنَّجۡمِ إِذَا هَوَىٰ

শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,

শপত নক্ষত্ৰৰ, যেতিয়া ই অস্তমিত হয়,

مَا ضَلَّ صَاحِبُكُمۡ وَمَا غَوَىٰ

তোমালোকৰ সঙ্গী বিভ্ৰান্ত হোৱা নাই, আৰু বিপথগামীও হোৱা নাই,

وَمَا يَنطِقُ عَنِ ٱلۡهَوَىٰٓ

আৰু তেওঁ মনে সজা কথা নকয়।

আৰু তেওঁ মনে সজা কথা নকয়।

إِنۡ هُوَ إِلَّا وَحۡيٞ يُوحَىٰ

এয়া হৈছে কেৱল অহী, যিটো তেওঁৰ প্ৰতি অহীৰূপে প্ৰেৰণ কৰা হয়,

عَلَّمَهُۥ شَدِيدُ ٱلۡقُوَىٰ

তেওঁক শিক্ষা দান কৰে, প্ৰবল শক্তিধৰ (ফিৰিস্তা জিব্ৰীলে),

ذُو مِرَّةٖ فَٱسۡتَوَىٰ

সৌন্দৰ্যপূৰ্ণ সত্ত্বা। তাৰ পিছত তেওঁ স্থিৰ হৈছিল,

وَهُوَ بِٱلۡأُفُقِ ٱلۡأَعۡلَىٰ

আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,

আৰু তেওঁ আছিল ঊৰ্দ্ধদিগন্তত,

ثُمَّ دَنَا فَتَدَلَّىٰ

তাৰ পিছত তেওঁ (ৰাছুলৰ) নিকটৱৰ্তী হ’ল, অতি নিকটৱৰ্তী,

فَكَانَ قَابَ قَوۡسَيۡنِ أَوۡ أَدۡنَىٰ

ফলত উভয়ৰ মাজত দুখন ধেনুৰ দুৰত্ব ৰ’ল, অথবা তাতোকৈ কম।

فَأَوۡحَىٰٓ إِلَىٰ عَبۡدِهِۦ مَآ أَوۡحَىٰ

তেতিয়া আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি যি অহী কৰিবলগীয়া আছিল সেয়া অহী কৰিলে।

مَا كَذَبَ ٱلۡفُؤَادُ مَا رَأَىٰٓ

তেওঁ যি দেখিছে, তেওঁৰ অন্তৰে সেইবোৰক অস্বীকাৰ কৰা নাই;

أَفَتُمَٰرُونَهُۥ عَلَىٰ مَا يَرَىٰ

তেওঁ যি দেখিছে, সেই সম্পৰ্কে তোমালোকে তেওঁৰ লগত বিতৰ্ক কৰিবা নেকি?

وَلَقَدۡ رَءَاهُ نَزۡلَةً أُخۡرَىٰ

আৰু নিশ্চয় তেওঁক তেওঁ আৰু এবাৰ দেখিছিল।

عِندَ سِدۡرَةِ ٱلۡمُنتَهَىٰ

ছিদৰাতুল মুনতাহাৰ ওচৰত,

ছিদৰাতুল মুনতাহাৰ ওচৰত,

عِندَهَا جَنَّةُ ٱلۡمَأۡوَىٰٓ

যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।

যাৰ ওচৰত জান্নাতুল মা’ওৱা অৱস্থিত।

إِذۡ يَغۡشَى ٱلسِّدۡرَةَ مَا يَغۡشَىٰ

যেতিয়া ছিদৰাই যি আচ্ছাদিত কৰাৰ সেয়া আচ্ছাদিত কৰিছিল,

مَا زَاغَ ٱلۡبَصَرُ وَمَا طَغَىٰ

তেওঁৰ দৃষ্টি বিভ্ৰম হোৱা নাই, আৰু সীমাও অতিক্ৰম কৰা নাই।

لَقَدۡ رَأَىٰ مِنۡ ءَايَٰتِ رَبِّهِ ٱلۡكُبۡرَىٰٓ

নিশ্চয় তেওঁ নিজ প্ৰতিপালকৰ কিছুমান মহান নিদৰ্শনাৱলী দেখিছিল;

أَفَرَءَيۡتُمُ ٱللَّٰتَ وَٱلۡعُزَّىٰ

এতেকে তোমালোকে লাত আৰু উজ্ঝা সম্পৰ্কে কি কোৱা?

وَمَنَوٰةَ ٱلثَّالِثَةَ ٱلۡأُخۡرَىٰٓ

আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?

আৰু তৃতীয় আন এটা মানাত সম্পৰ্কে?

أَلَكُمُ ٱلذَّكَرُ وَلَهُ ٱلۡأُنثَىٰ

এইটো কেনে ধৰণৰ কথা, তোমালোকৰ বাবে পুত্ৰ সন্তান আৰু আল্লাহৰ বাবে কন্যা সন্তান?

تِلۡكَ إِذٗا قِسۡمَةٞ ضِيزَىٰٓ

তেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন।

তেনেহ’লে এয়া দেখোন এটা অসঙ্গত বণ্টন।

إِنۡ هِيَ إِلَّآ أَسۡمَآءٞ سَمَّيۡتُمُوهَآ أَنتُمۡ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلۡطَٰنٍۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَمَا تَهۡوَى ٱلۡأَنفُسُۖ وَلَقَدۡ جَآءَهُم مِّن رَّبِّهِمُ ٱلۡهُدَىٰٓ

দৰাচলতে এইবোৰ কিছুমান নামৰ বাহিৰে আন একো নহয়, যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নিজেই ৰাখিছা, যাৰ সমৰ্থনত আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই। সিহঁতে কেৱল অনুমান আৰু নিজৰ প্ৰবৃত্তিৰহে অনুসৰণ কৰে, অথচ নিশ্চয় সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা হিদায়ত আহি পৰিছে।

أَمۡ لِلۡإِنسَٰنِ مَا تَمَنَّىٰ

মানুহে যি বিচাৰে সেইটোৱে সি পায়নে?

মানুহে যি বিচাৰে সেইটোৱে সি পায়নে?

فَلِلَّهِ ٱلۡأٓخِرَةُ وَٱلۡأُولَىٰ

প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।

প্ৰকৃততে আখিৰাত আৰু দুনিয়া আল্লাহৰেই।

۞ وَكَم مِّن مَّلَكٖ فِي ٱلسَّمَٰوَٰتِ لَا تُغۡنِي شَفَٰعَتُهُمۡ شَيۡـًٔا إِلَّا مِنۢ بَعۡدِ أَن يَأۡذَنَ ٱللَّهُ لِمَن يَشَآءُ وَيَرۡضَىٰٓ

আৰু আকাশসমূহত অসংখ্য ফিৰিস্তা আছে, যিসকলৰ মধ্যস্থতা কোনো কামত নাহিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰে আৰু যাৰ প্ৰতি তেওঁ সন্তুষ্ট হয় তাক অনুমতি দিলে (তাৰ বিষয়টো সুকীয়া)।

إِنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ لَيُسَمُّونَ ٱلۡمَلَٰٓئِكَةَ تَسۡمِيَةَ ٱلۡأُنثَىٰ

নিশ্চয় যিসকলে আখিৰাতক বিশ্বাস নকৰে, সিহঁতেই ফিৰিস্তাসকলক নাৰীবাচক নামেৰে নামকৰণ কৰে;

وَمَا لَهُم بِهِۦ مِنۡ عِلۡمٍۖ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّۖ وَإِنَّ ٱلظَّنَّ لَا يُغۡنِي مِنَ ٱلۡحَقِّ شَيۡـٔٗا

অথচ এই বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল অনুমানৰহে অনুসৰণ কৰে; আৰু নিশ্চয় সত্যৰ মুকাবিলাত অনুমানৰ কোনো মূল্য নাই।

فَأَعۡرِضۡ عَن مَّن تَوَلَّىٰ عَن ذِكۡرِنَا وَلَمۡ يُرِدۡ إِلَّا ٱلۡحَيَوٰةَ ٱلدُّنۡيَا

এতেকে তুমি সেই ব্যক্তিক উপেক্ষা কৰা, যিয়ে আমাৰ স্মৰণৰ পৰা বিমুখ হয় আৰু অকল পৃথিৱীৰ জীৱনকেই কামনা কৰে।

ذَٰلِكَ مَبۡلَغُهُم مِّنَ ٱلۡعِلۡمِۚ إِنَّ رَبَّكَ هُوَ أَعۡلَمُ بِمَن ضَلَّ عَن سَبِيلِهِۦ وَهُوَ أَعۡلَمُ بِمَنِ ٱهۡتَدَىٰ

এইটোৱে হৈছে সিহঁতৰ জ্ঞানৰ শেষ সীমা। নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই আটাইতকৈ ভাল জানে, কোন তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে আৰু তেৱেঁই ভাল জানে কোন হিদায়তপ্ৰাপ্ত হৈছে।

وَلِلَّهِ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ لِيَجۡزِيَ ٱلَّذِينَ أَسَٰٓـُٔواْ بِمَا عَمِلُواْ وَيَجۡزِيَ ٱلَّذِينَ أَحۡسَنُواْ بِٱلۡحُسۡنَى

আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো আল্লাহৰেই। যাতে তেওঁ সেইসকল লোকক বেয়া প্ৰতিফল দিব পাৰে যিসকলে বেয়া কৰ্ম কৰে, আৰু যাতে সেইসকল লোকক উত্তম পুৰস্কাৰ দিব পাৰে যিসকলে সৎকৰ্ম কৰে,

ٱلَّذِينَ يَجۡتَنِبُونَ كَبَٰٓئِرَ ٱلۡإِثۡمِ وَٱلۡفَوَٰحِشَ إِلَّا ٱللَّمَمَۚ إِنَّ رَبَّكَ وَٰسِعُ ٱلۡمَغۡفِرَةِۚ هُوَ أَعۡلَمُ بِكُمۡ إِذۡ أَنشَأَكُم مِّنَ ٱلۡأَرۡضِ وَإِذۡ أَنتُمۡ أَجِنَّةٞ فِي بُطُونِ أُمَّهَٰتِكُمۡۖ فَلَا تُزَكُّوٓاْ أَنفُسَكُمۡۖ هُوَ أَعۡلَمُ بِمَنِ ٱتَّقَىٰٓ

যিসকলে সৰু-সুৰা দোষ-ত্ৰুটিৰ বাহিৰে ডাঙৰ ডাঙৰ পাপ আৰু অশ্লীল কাৰ্যকলাপৰ পৰা বিৰত থাকে। নিশ্চয় তোমাৰ প্ৰতিপালকৰ ক্ষমা অপৰিসীম; তেওঁ তোমালোকৰ বিষয়ে সম্যক অৱগত—(স্মৰণ কৰা) যেতিয়া তেওঁ তোমালোকক মাটিৰ পৰা সৃষ্টি কৰিছিল আৰু যেতিয়া তোমালোক মাতৃগৰ্ভত ভ্ৰুণৰূপে আছিলা। এতেকে তোমালোকে আত্মপ্ৰশংসা নকৰিবা, কোনে তাক্বৱা অৱলম্বন কৰিছে সেই বিষয়ে তেৱেঁই সম্যক অৱগত।

أَفَرَءَيۡتَ ٱلَّذِي تَوَلَّىٰ

তুমি সেই ব্যক্তিক দেখিছানে, যিয়ে মুখ ঘূৰাই লৈছে?

وَأَعۡطَىٰ قَلِيلٗا وَأَكۡدَىٰٓ

আৰু কিঞ্চিতহে দান কৰে, তাৰ পিছত বন্ধ কৰি দিয়ে?

أَعِندَهُۥ عِلۡمُ ٱلۡغَيۡبِ فَهُوَ يَرَىٰٓ

তাৰ ওচৰত কিবা গায়েবৰ জ্ঞান আছে নেকি, যিটো সি প্ৰত্যক্ষ কৰে?

أَمۡ لَمۡ يُنَبَّأۡ بِمَا فِي صُحُفِ مُوسَىٰ

অথবা মূছাৰ ছহীফাত যি আছে, সেই সম্পৰ্কে তাক অৱহিত কৰা হোৱা নাইনে?

وَإِبۡرَٰهِيمَ ٱلَّذِي وَفَّىٰٓ

আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)?

أَلَّا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰ

এতেকে কোনো বোজা বহনকাৰীয়েই আনৰ বোজা বহন নকৰিব,

وَأَن لَّيۡسَ لِلۡإِنسَٰنِ إِلَّا مَا سَعَىٰ

জানি থোৱা, মানুহে সেইটোৱে পায়, যিটো সি চেষ্টা কৰে,

وَأَنَّ سَعۡيَهُۥ سَوۡفَ يُرَىٰ

আৰু তাৰ প্ৰচেষ্টাৰ ফল অতিশীঘ্ৰেই দেখুৱা হ’ব---

ثُمَّ يُجۡزَىٰهُ ٱلۡجَزَآءَ ٱلۡأَوۡفَىٰ

তাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান,

তাৰ পিছত তাক দিয়া হ’ব পূৰ্ণ প্ৰতিদান,

وَأَنَّ إِلَىٰ رَبِّكَ ٱلۡمُنتَهَىٰ

আৰু নিশ্চয় তোমাৰ প্ৰতিপালকৰ ওচৰতেই হৈছে শেষ গন্তব্য,

وَأَنَّهُۥ هُوَ أَضۡحَكَ وَأَبۡكَىٰ

আৰু নিশ্চয় তেৱেঁই হঁহুৱায় আৰু তেৱেঁই কন্দুৱায়,

وَأَنَّهُۥ هُوَ أَمَاتَ وَأَحۡيَا

আৰু নিশ্চয় তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেৱেঁই জীৱন দান দিয়ে,

وَأَنَّهُۥ خَلَقَ ٱلزَّوۡجَيۡنِ ٱلذَّكَرَ وَٱلۡأُنثَىٰ

আৰু নিশ্চয় তেৱেঁই সৃষ্টি কৰিছে যোৰ-যোৰকৈ পুৰুষ আৰু নাৰী,

مِن نُّطۡفَةٍ إِذَا تُمۡنَىٰ

শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,

শুক্ৰবিন্দুৰ পৰা, যেতিয়া ই স্খলিত হয়,

وَأَنَّ عَلَيۡهِ ٱلنَّشۡأَةَ ٱلۡأُخۡرَىٰ

আৰু নিশ্চয় পুনৰুত্থান ঘটোৱাৰ দায়িত্বও তেওঁৰেই,

وَأَنَّهُۥ هُوَ أَغۡنَىٰ وَأَقۡنَىٰ

আৰু নিশ্চয় তেৱেঁই অভাৱমুক্ত কৰে আৰু সম্পদ প্ৰদান কৰে,

وَأَنَّهُۥ هُوَ رَبُّ ٱلشِّعۡرَىٰ

আৰু নিশ্চয় তেৱেঁই আশ্ব-শ্বি’ৰা (লুব্ধক) নক্ষত্ৰৰ প্ৰতিপালক।

وَأَنَّهُۥٓ أَهۡلَكَ عَادًا ٱلۡأُولَىٰ

আৰু তেৱেঁই প্ৰাচীন ‘আদ জাতিক ধ্বংস কৰিছে,

وَثَمُودَاْ فَمَآ أَبۡقَىٰ

আৰু ছামূদ জাতিকো (ধ্বংস কৰিছে)। সিহঁতৰ এজনকো অৱশিষ্ট ৰখা নাই।

وَقَوۡمَ نُوحٖ مِّن قَبۡلُۖ إِنَّهُمۡ كَانُواْ هُمۡ أَظۡلَمَ وَأَطۡغَىٰ

আৰু ইয়াৰ পূৰ্বে নূহৰ সম্প্ৰদায়কো (তেৱেঁই ধ্বংস কৰিছে)। নিশ্চয় সিহঁত আছিল অতিশয় যালিম আৰু চৰম অবাধ্য।

وَٱلۡمُؤۡتَفِكَةَ أَهۡوَىٰ

আৰু তেৱেঁই ওলোটাই দিয়া আবাসভূমিক নিক্ষেপ কৰিছিল,

فَغَشَّىٰهَا مَا غَشَّىٰ

তাৰ পিছত সেইটোক আচ্ছন্ন কৰিছিল যি আচ্ছন্ন কৰিবলগীয়া আছিল।

فَبِأَيِّ ءَالَآءِ رَبِّكَ تَتَمَارَىٰ

এতেকে তুমি তোমাৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক সন্দেহ কৰিবা?

هَٰذَا نَذِيرٞ مِّنَ ٱلنُّذُرِ ٱلۡأُولَىٰٓ

অতীতৰ সতৰ্ককাৰীসকলৰ দৰেই, এই নবীও এজন সতৰ্ককাৰী।

أَزِفَتِ ٱلۡأٓزِفَةُ

কিয়ামত নিকটৱৰ্তী।

কিয়ামত নিকটৱৰ্তী।

لَيۡسَ لَهَا مِن دُونِ ٱللَّهِ كَاشِفَةٌ

আল্লাহৰ বাহিৰে কোনেও ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম নহয়।

أَفَمِنۡ هَٰذَا ٱلۡحَدِيثِ تَعۡجَبُونَ

তোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি?

তোমালোকে এই কথাত বিস্ময়বোধ কৰিছা নেকি?

وَتَضۡحَكُونَ وَلَا تَبۡكُونَ

আৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই?

আৰু হাঁহি-ঠাট্টা কৰি আছা! কন্দা নাই?

وَأَنتُمۡ سَٰمِدُونَ

তোমালোক হৈছা উদাসীন,

তোমালোক হৈছা উদাসীন,

فَٱسۡجُدُواْۤ لِلَّهِۤ وَٱعۡبُدُواْ۩

এতেকে তোমালোকে আল্লাহক ছাজদা কৰা আৰু তেওঁৰেই ইবাদত কৰা।

Footer Include