Header Include

الترجمة الأسامية

ترجمة معاني القرآن الكريم إلى اللغة الاسامية، ترجمها الشيخ رفيق الإسلام حبيب الرحمن. عام الترجمة 1438هـ

QR Code https://quran.islamcontent.com/ar/assamese_rafeeq

يَٰٓأَيُّهَا ٱلنَّبِيُّ لِمَ تُحَرِّمُ مَآ أَحَلَّ ٱللَّهُ لَكَۖ تَبۡتَغِي مَرۡضَاتَ أَزۡوَٰجِكَۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ

হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰি লৈছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।

قَدۡ فَرَضَ ٱللَّهُ لَكُمۡ تَحِلَّةَ أَيۡمَٰنِكُمۡۚ وَٱللَّهُ مَوۡلَىٰكُمۡۖ وَهُوَ ٱلۡعَلِيمُ ٱلۡحَكِيمُ

নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে; আৰু আল্লাহেই হৈছে তোমালোকৰ অভিভাৱক আৰু তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়।

وَإِذۡ أَسَرَّ ٱلنَّبِيُّ إِلَىٰ بَعۡضِ أَزۡوَٰجِهِۦ حَدِيثٗا فَلَمَّا نَبَّأَتۡ بِهِۦ وَأَظۡهَرَهُ ٱللَّهُ عَلَيۡهِ عَرَّفَ بَعۡضَهُۥ وَأَعۡرَضَ عَنۢ بَعۡضٖۖ فَلَمَّا نَبَّأَهَا بِهِۦ قَالَتۡ مَنۡ أَنۢبَأَكَ هَٰذَاۖ قَالَ نَبَّأَنِيَ ٱلۡعَلِيمُ ٱلۡخَبِيرُ

আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে তেওঁৰ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল, ইপিনে আল্লাহে তেওঁৰ নবীৰ ওচৰত সেই বিষয়টো প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এইষাৰ কথা কোনে অৱগত কৰালে’? নবীয়ে ক’লে, ‘মোক তেওঁ জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।

إِن تَتُوبَآ إِلَى ٱللَّهِ فَقَدۡ صَغَتۡ قُلُوبُكُمَاۖ وَإِن تَظَٰهَرَا عَلَيۡهِ فَإِنَّ ٱللَّهَ هُوَ مَوۡلَىٰهُ وَجِبۡرِيلُ وَصَٰلِحُ ٱلۡمُؤۡمِنِينَۖ وَٱلۡمَلَٰٓئِكَةُ بَعۡدَ ذَٰلِكَ ظَهِيرٌ

যদি তোমালোকে উভয়ে (অনুতপ্ত হৈ) আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ হ’ব), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছিল। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহেই হৈছে তেওঁৰ অভিভাৱক আৰু জীব্ৰীল লগতে সৎকৰ্মশীল মুমিনসকল, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলেও তেওঁৰ সহায়কাৰী।

عَسَىٰ رَبُّهُۥٓ إِن طَلَّقَكُنَّ أَن يُبۡدِلَهُۥٓ أَزۡوَٰجًا خَيۡرٗا مِّنكُنَّ مُسۡلِمَٰتٖ مُّؤۡمِنَٰتٖ قَٰنِتَٰتٖ تَٰٓئِبَٰتٍ عَٰبِدَٰتٖ سَٰٓئِحَٰتٖ ثَيِّبَٰتٖ وَأَبۡكَارٗا

যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱতঃ তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈও উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ, মুমিনাহ, অনুগত, তাওবাকাৰীণী, ইবাদতকাৰীণী, ছিয়াম পালনকাৰীণী, অকুমাৰী আৰু কুমাৰী।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ قُوٓاْ أَنفُسَكُمۡ وَأَهۡلِيكُمۡ نَارٗا وَقُودُهَا ٱلنَّاسُ وَٱلۡحِجَارَةُ عَلَيۡهَا مَلَٰٓئِكَةٌ غِلَاظٞ شِدَادٞ لَّا يَعۡصُونَ ٱللَّهَ مَآ أَمَرَهُمۡ وَيَفۡعَلُونَ مَا يُؤۡمَرُونَ

হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শিল, য’ত নিয়োজিত আছে নিৰ্মম-হৃদয়, কঠোৰস্বভাৱ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু তেওঁলোকে যিটো কৰিবলৈ আদেশপ্ৰাপ্ত হয় সেইটোৱেই কৰে।

يَٰٓأَيُّهَا ٱلَّذِينَ كَفَرُواْ لَا تَعۡتَذِرُواْ ٱلۡيَوۡمَۖ إِنَّمَا تُجۡزَوۡنَ مَا كُنتُمۡ تَعۡمَلُونَ

হে কাফিৰসকল! আজি তোমালোকে ওজৰ-আপত্তি দাঙি ধৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ تُوبُوٓاْ إِلَى ٱللَّهِ تَوۡبَةٗ نَّصُوحًا عَسَىٰ رَبُّكُمۡ أَن يُكَفِّرَ عَنكُمۡ سَيِّـَٔاتِكُمۡ وَيُدۡخِلَكُمۡ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ يَوۡمَ لَا يُخۡزِي ٱللَّهُ ٱلنَّبِيَّ وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥۖ نُورُهُمۡ يَسۡعَىٰ بَيۡنَ أَيۡدِيهِمۡ وَبِأَيۡمَٰنِهِمۡ يَقُولُونَ رَبَّنَآ أَتۡمِمۡ لَنَا نُورَنَا وَٱغۡفِرۡ لَنَآۖ إِنَّكَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবীক আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছিল তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁহাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাৱান’।

يَٰٓأَيُّهَا ٱلنَّبِيُّ جَٰهِدِ ٱلۡكُفَّارَ وَٱلۡمُنَٰفِقِينَ وَٱغۡلُظۡ عَلَيۡهِمۡۚ وَمَأۡوَىٰهُمۡ جَهَنَّمُۖ وَبِئۡسَ ٱلۡمَصِيرُ

হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম আৰু সেইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল!

ضَرَبَ ٱللَّهُ مَثَلٗا لِّلَّذِينَ كَفَرُواْ ٱمۡرَأَتَ نُوحٖ وَٱمۡرَأَتَ لُوطٖۖ كَانَتَا تَحۡتَ عَبۡدَيۡنِ مِنۡ عِبَادِنَا صَٰلِحَيۡنِ فَخَانَتَاهُمَا فَلَمۡ يُغۡنِيَا عَنۡهُمَا مِنَ ٱللَّهِ شَيۡـٔٗا وَقِيلَ ٱدۡخُلَا ٱلنَّارَ مَعَ ٱلدَّٰخِلِينَ

যিসকলে কুফুৰী কৰিছে, সিহঁতৰ বাবে আল্লাহে নূহৰ স্ত্ৰী আৰু লূতৰ স্ত্ৰীৰ উদাহৰণ দিছে; সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত (নবীৰ স্ত্ৰী হৈয়ো) আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পোৱা নাছিল, তেওঁলোক দুয়ো (নূহ আৰু লূত) সিহঁতৰ কোনো কামত অহা নাছিল, আৰু সিহঁতক কোৱা হ’ল, ‘তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা’।

وَضَرَبَ ٱللَّهُ مَثَلٗا لِّلَّذِينَ ءَامَنُواْ ٱمۡرَأَتَ فِرۡعَوۡنَ إِذۡ قَالَتۡ رَبِّ ٱبۡنِ لِي عِندَكَ بَيۡتٗا فِي ٱلۡجَنَّةِ وَنَجِّنِي مِن فِرۡعَوۡنَ وَعَمَلِهِۦ وَنَجِّنِي مِنَ ٱلۡقَوۡمِ ٱلظَّٰلِمِينَ

আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল, ‘হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰা আৰু মোক ফিৰআউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা যালিম সম্প্ৰদায়ৰ পৰা’।

وَمَرۡيَمَ ٱبۡنَتَ عِمۡرَٰنَ ٱلَّتِيٓ أَحۡصَنَتۡ فَرۡجَهَا فَنَفَخۡنَا فِيهِ مِن رُّوحِنَا وَصَدَّقَتۡ بِكَلِمَٰتِ رَبِّهَا وَكُتُبِهِۦ وَكَانَتۡ مِنَ ٱلۡقَٰنِتِينَ

(আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক মাৰয়ামৰ---- যিয়ে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই দিছিলোঁ আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।

Footer Include