আয়াত :
62
فَلَمَّا جَاوَزَا قَالَ لِفَتَىٰهُ ءَاتِنَا غَدَآءَنَا لَقَدۡ لَقِينَا مِن سَفَرِنَا هَٰذَا نَصَبٗا
এতেকে যেতিয়া তেওঁলোকে ভালেখিনি ঠাই অতিক্ৰম কৰিলে তেতিয়া মুছাই তেওঁৰ সহচৰজনক ক’লে, ‘আমাৰ দুপুৰীয়াৰ ভোজন লৈ আহা, নিশ্চয় আমি এই ভ্ৰমণত ক্লান্ত হৈ পৰিছোঁ’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
63
قَالَ أَرَءَيۡتَ إِذۡ أَوَيۡنَآ إِلَى ٱلصَّخۡرَةِ فَإِنِّي نَسِيتُ ٱلۡحُوتَ وَمَآ أَنسَىٰنِيهُ إِلَّا ٱلشَّيۡطَٰنُ أَنۡ أَذۡكُرَهُۥۚ وَٱتَّخَذَ سَبِيلَهُۥ فِي ٱلۡبَحۡرِ عَجَبٗا
সি ক’লে, ‘আপুনি লক্ষ্য কৰিছিলনে, যেতিয়া আমি শিলাখণ্ডত বিশ্ৰাম লৈছিলোঁ তেতিয়া মাছৰ সৈতে যি ঘটিছিল সেই কথা মই আপোনাক জনাবলৈ পাহৰিয়ে গৈছিলোঁ, চয়তানেই সেই কথা মোক পাহৰাই দিছিল; আৰু মাছটোৱে আশ্চৰ্যজনকভাৱে নিজৰ পথ বনাই সাগৰত নামি গৈছিল।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
64
قَالَ ذَٰلِكَ مَا كُنَّا نَبۡغِۚ فَٱرۡتَدَّا عَلَىٰٓ ءَاثَارِهِمَا قَصَصٗا
তেওঁ ক’লে, ‘আমি সেই স্থানটোৰেই অনুসন্ধান কৰি আছোঁ’। তাৰ পিছত তেওঁলোকে নিজৰ পদচিহ্ন অনুসৰণ কৰি উভতি গ’ল।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
65
فَوَجَدَا عَبۡدٗا مِّنۡ عِبَادِنَآ ءَاتَيۡنَٰهُ رَحۡمَةٗ مِّنۡ عِندِنَا وَعَلَّمۡنَٰهُ مِن لَّدُنَّا عِلۡمٗا
ইয়াৰ পিছত তেওঁলোকে মোৰ এজন বান্দাৰ সাক্ষাৎ পালে, যাক আমি আমাৰ ফালৰ পৰা অনুগ্ৰহ দান কৰিছিলোঁ আৰু আমাৰ ফালৰ পৰা এটা বিশেষ জ্ঞানৰ শিক্ষা দিছিলোঁ।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
66
قَالَ لَهُۥ مُوسَىٰ هَلۡ أَتَّبِعُكَ عَلَىٰٓ أَن تُعَلِّمَنِ مِمَّا عُلِّمۡتَ رُشۡدٗا
মুছাই তেওঁক ক’লে, ‘মই এই চৰ্তত আপোনাৰ অনুসৰণ কৰিব পাৰিমনে যে, যি জ্ঞান আপোনাক দান কৰা হৈছে তাৰ পৰা মোক শিক্ষা দিব, যাৰ দ্বাৰা মই সঠিক পথ পাম’?
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
67
قَالَ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا
তেওঁ ক’লে, ‘আপুনি কেতিয়াও মোৰ লগত ধৈৰ্য ধাৰণ কৰি থাকিব নোৱাৰিব,
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
68
وَكَيۡفَ تَصۡبِرُ عَلَىٰ مَا لَمۡ تُحِطۡ بِهِۦ خُبۡرٗا
‘কাৰণ যি বিষয়ে আপোনাৰ জ্ঞানায়ত্ত নাই সেই বিষয়ে আপুনি কেনেকৈ ধৈৰ্য্য ধাৰণ কৰিব পাৰিব’?
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
69
قَالَ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ صَابِرٗا وَلَآ أَعۡصِي لَكَ أَمۡرٗا
মুছাই ক’লে, ‘ইন শ্বা আল্লাহ আপুনি মোক ধৈৰ্য্যশীল পাব আৰু আপোনাৰ কোনো আদেশ মই অমান্য নকৰিম’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
70
قَالَ فَإِنِ ٱتَّبَعۡتَنِي فَلَا تَسۡـَٔلۡنِي عَن شَيۡءٍ حَتَّىٰٓ أُحۡدِثَ لَكَ مِنۡهُ ذِكۡرٗا
তেওঁ ক’লে, ‘ঠিক আছে, যদি আপুনি মোৰ অনুসৰণ কৰেই তেন্তে কোনো বিষয়ে মোক প্ৰশ্ন নকৰিব, যেতিয়ালৈকে মই আপোনাক সেই বিষয়ে খুলি নকওঁ’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
71
فَٱنطَلَقَا حَتَّىٰٓ إِذَا رَكِبَا فِي ٱلسَّفِينَةِ خَرَقَهَاۖ قَالَ أَخَرَقۡتَهَا لِتُغۡرِقَ أَهۡلَهَا لَقَدۡ جِئۡتَ شَيۡـًٔا إِمۡرٗا
তাৰ পিছত দুয়ো যাত্ৰা আৰম্ভ কৰিলে, অৱশেষত যেতিয়া তেওঁলোকে নাৱত আৰোহণ কৰিলে তেতিয়া তেওঁ নাওখন বিদীৰ্ণ কৰি দিলে। মুছাই ক’লে, ‘আপুনি আৰোহীসকলক ডুবাই মাৰিবলৈ ইয়াক বিদীৰ্ণ কৰিলে নেকি? নিশ্চয় আপুনি এটা বৰ গৰ্হিত অন্যায় কাম কৰিলে’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
72
قَالَ أَلَمۡ أَقُلۡ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا
তেওঁ ক’লে, ‘মই কোৱা নাছিলোঁনে যে, আপুনি মোৰ লগত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিব’?
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
73
قَالَ لَا تُؤَاخِذۡنِي بِمَا نَسِيتُ وَلَا تُرۡهِقۡنِي مِنۡ أَمۡرِي عُسۡرٗا
মুছাই ক’লে, ‘মই পাহৰি যোৱাৰ কাৰণে মোৰ দোষ নধৰিব, লগতে মোৰ বিষয়ে অত্যাধিক কঠোৰতা অৱলম্বন নকৰিব’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
74
فَٱنطَلَقَا حَتَّىٰٓ إِذَا لَقِيَا غُلَٰمٗا فَقَتَلَهُۥ قَالَ أَقَتَلۡتَ نَفۡسٗا زَكِيَّةَۢ بِغَيۡرِ نَفۡسٖ لَّقَدۡ جِئۡتَ شَيۡـٔٗا نُّكۡرٗا
তাৰ পিছত দুয়ো গৈ থাকিল, অৱশেষত তেওঁলোকৰ লগত এটি শিশুৰ সাক্ষাৎ হ’ল, তেতিয়া তেওঁ তাক হত্যা কৰিলে। মুছাই ক’লে, ‘হত্যাৰ অপৰাধ নোহোৱাকৈ আপুনি এটা নিষ্পাপ জীৱনক কিয় নাশ কৰিলে? নিশ্চয় আপুনি এটা গৰ্হিত অন্যায় কাম কৰিলে’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক