আয়াত :
1
يَٰٓأَيُّهَا ٱلۡمُزَّمِّلُ
হে বস্ত্ৰাবৃত!
আয়াত :
2
قُمِ ٱلَّيۡلَ إِلَّا قَلِيلٗا
ৰাতি ছালাত আদায় কৰা, কিছু অংশৰ বাহিৰে,
আয়াত :
3
نِّصۡفَهُۥٓ أَوِ ٱنقُصۡ مِنۡهُ قَلِيلًا
আধা ৰাতি বা তাতকৈও অলপ কম;
আয়াত :
4
أَوۡ زِدۡ عَلَيۡهِ وَرَتِّلِ ٱلۡقُرۡءَانَ تَرۡتِيلًا
অথবা তাতকৈও অলপ বেছি। লগতে স্পষ্টভাৱে ধীৰে ধীৰে কোৰআন তিলাৱাত কৰা।
আয়াত :
5
إِنَّا سَنُلۡقِي عَلَيۡكَ قَوۡلٗا ثَقِيلًا
নিশ্চয় আমি তোমাৰ প্ৰতি এটি গধুৰ বাণী অৱতীৰ্ণ কৰিম।
আয়াত :
6
إِنَّ نَاشِئَةَ ٱلَّيۡلِ هِيَ أَشَدُّ وَطۡـٔٗا وَأَقۡوَمُ قِيلًا
নিশ্চয় ৰাতি-জাগৰণ হৈছে আত্মসংযমৰ বাবে অধিক প্ৰবল আৰু বাকস্ফুৰণত অধিক উপযোগী।
আয়াত :
7
إِنَّ لَكَ فِي ٱلنَّهَارِ سَبۡحٗا طَوِيلٗا
নিশ্চয় দিনৰ ভাগত তোমাৰ বাবে আছে দীৰ্ঘ কৰ্মব্যস্ততা।
আয়াত :
8
وَٱذۡكُرِ ٱسۡمَ رَبِّكَ وَتَبَتَّلۡ إِلَيۡهِ تَبۡتِيلٗا
গতিকে তুমি তোমাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰা আৰু একনিষ্ঠভাৱে তেওঁৰ প্ৰতি মনোনিৱেশ কৰা।
আয়াত :
9
رَّبُّ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ لَآ إِلَٰهَ إِلَّا هُوَ فَٱتَّخِذۡهُ وَكِيلٗا
তেৱেঁই পূৱ আৰু পশ্চিমৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। এতেকে কৰ্মবিধায়ক হিচাপে তুমি তেওঁকেই গ্ৰহণ কৰা।
আয়াত :
10
وَٱصۡبِرۡ عَلَىٰ مَا يَقُولُونَ وَٱهۡجُرۡهُمۡ هَجۡرٗا جَمِيلٗا
আৰু মানুহে যি কয় তাৰ ওপৰত তুমি ধৈৰ্য ধাৰণ কৰা আৰু সৌজন্যৰ সৈতে সিহঁতক পৰিহাৰ কৰি চলা।
আয়াত :
11
وَذَرۡنِي وَٱلۡمُكَذِّبِينَ أُوْلِي ٱلنَّعۡمَةِ وَمَهِّلۡهُمۡ قَلِيلًا
আৰু বিলাসী সামগ্ৰীৰ অধিকাৰী মিথ্যাৰোপকাৰীসকলক মোলৈ এৰি দিয়া আৰু সিহঁতক কিছু সময় অৱকাশ দিয়া।
আয়াত :
12
إِنَّ لَدَيۡنَآ أَنكَالٗا وَجَحِيمٗا
নিশ্চয় আমাৰ ওচৰত আছে শিকলিসমূহ আৰু প্ৰজ্বলিত জুই,
আয়াত :
13
وَطَعَامٗا ذَا غُصَّةٖ وَعَذَابًا أَلِيمٗا
লগতে আছে কাইটযুক্ত খাদ্য আৰু যন্ত্ৰণাদায়ক শাস্তি।
আয়াত :
14
يَوۡمَ تَرۡجُفُ ٱلۡأَرۡضُ وَٱلۡجِبَالُ وَكَانَتِ ٱلۡجِبَالُ كَثِيبٗا مَّهِيلًا
যিদিনা পৃথিৱী আৰু পৰ্বতসমূহ প্ৰকম্পিত হ’ব আৰু পৰ্বতসমূহ বিক্ষিপ্ত চলমান বালীময়ত পৰিণত হ’ব।
আয়াত :
15
إِنَّآ أَرۡسَلۡنَآ إِلَيۡكُمۡ رَسُولٗا شَٰهِدًا عَلَيۡكُمۡ كَمَآ أَرۡسَلۡنَآ إِلَىٰ فِرۡعَوۡنَ رَسُولٗا
নিশ্চয় আমি তোমালোকৰ বাবে সাক্ষী স্বৰূপে তোমালোকৰ ওচৰলৈ এজন ৰাছুল প্ৰেৰণ কৰিছোঁ, যেনেকৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ ফিৰআউনৰ ওচৰলৈ।
আয়াত :
16
فَعَصَىٰ فِرۡعَوۡنُ ٱلرَّسُولَ فَأَخَذۡنَٰهُ أَخۡذٗا وَبِيلٗا
কিন্তু ফিৰআউনে ৰাছুলক অমান্য কৰিছিল, সেয়ে আমি তাক শাস্তি বিহিছিলোঁ।
আয়াত :
17
فَكَيۡفَ تَتَّقُونَ إِن كَفَرۡتُمۡ يَوۡمٗا يَجۡعَلُ ٱلۡوِلۡدَٰنَ شِيبًا
এতেকে তোমালোকে যদি কুফুৰী কৰা তেন্তে তোমালোকে সেই দিৱসটোত কেনেকৈ আত্ম ৰক্ষা কৰিবা যিদিনা শিশুসকলক বৃদ্ধাৱস্থালৈ পৰিণত কৰিব,
আয়াত :
18
ٱلسَّمَآءُ مُنفَطِرُۢ بِهِۦۚ كَانَ وَعۡدُهُۥ مَفۡعُولًا
সেইদিনা আকাশ বিদীৰ্ণ হ’ব, তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হ’ব।
আয়াত :
19
إِنَّ هَٰذِهِۦ تَذۡكِرَةٞۖ فَمَن شَآءَ ٱتَّخَذَ إِلَىٰ رَبِّهِۦ سَبِيلًا
নিশ্চয় এইটো এটা উপদেশ, এতেকে যিয়ে ইচ্ছা কৰে সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক।