আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ

Assamese translation

Scan the qr code to link to this page

سورة الإنفطار - আল-ইনফিতাৰ

পৃষ্ঠা নং

আয়াত

আয়াত দেখুৱাওক
টোকা দেখুৱাওক
Share this page

আয়াত : 1
إِذَا ٱلسَّمَآءُ ٱنفَطَرَتۡ
যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
আয়াত : 2
وَإِذَا ٱلۡكَوَاكِبُ ٱنتَثَرَتۡ
আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,
আয়াত : 3
وَإِذَا ٱلۡبِحَارُ فُجِّرَتۡ
আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,
আয়াত : 4
وَإِذَا ٱلۡقُبُورُ بُعۡثِرَتۡ
আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,
আয়াত : 5
عَلِمَتۡ نَفۡسٞ مَّا قَدَّمَتۡ وَأَخَّرَتۡ
তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।
আয়াত : 6
يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلۡكَرِيمِ
হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?
আয়াত : 7
ٱلَّذِي خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ
যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,
আয়াত : 8
فِيٓ أَيِّ صُورَةٖ مَّا شَآءَ رَكَّبَكَ
আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
আয়াত : 9
كَلَّا بَلۡ تُكَذِّبُونَ بِٱلدِّينِ
কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;
আয়াত : 10
وَإِنَّ عَلَيۡكُمۡ لَحَٰفِظِينَ
আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
আয়াত : 11
كِرَامٗا كَٰتِبِينَ
সন্মানিত লেখক বৃন্দ;
আয়াত : 12
يَعۡلَمُونَ مَا تَفۡعَلُونَ
তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
আয়াত : 13
إِنَّ ٱلۡأَبۡرَارَ لَفِي نَعِيمٖ
নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
আয়াত : 14
وَإِنَّ ٱلۡفُجَّارَ لَفِي جَحِيمٖ
আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
আয়াত : 15
يَصۡلَوۡنَهَا يَوۡمَ ٱلدِّينِ
সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব;
আয়াত : 16
وَمَا هُمۡ عَنۡهَا بِغَآئِبِينَ
আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।
আয়াত : 17
وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ
আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?
আয়াত : 18
ثُمَّ مَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ
আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
আয়াত : 19
يَوۡمَ لَا تَمۡلِكُ نَفۡسٞ لِّنَفۡسٖ شَيۡـٔٗاۖ وَٱلۡأَمۡرُ يَوۡمَئِذٖ لِّلَّهِ
সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।
সফলভাৱে প্ৰেৰণ হৈছে