আয়াত :
1
إِذَا زُلۡزِلَتِ ٱلۡأَرۡضُ زِلۡزَالَهَا
পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব,
আয়াত :
2
وَأَخۡرَجَتِ ٱلۡأَرۡضُ أَثۡقَالَهَا
আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,
আয়াত :
3
وَقَالَ ٱلۡإِنسَٰنُ مَا لَهَا
আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?
আয়াত :
4
يَوۡمَئِذٖ تُحَدِّثُ أَخۡبَارَهَا
সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,
আয়াত :
5
بِأَنَّ رَبَّكَ أَوۡحَىٰ لَهَا
কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,
আয়াত :
6
يَوۡمَئِذٖ يَصۡدُرُ ٱلنَّاسُ أَشۡتَاتٗا لِّيُرَوۡاْ أَعۡمَٰلَهُمۡ
সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,
আয়াত :
7
فَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٍ خَيۡرٗا يَرَهُۥ
এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।
আয়াত :
8
وَمَن يَعۡمَلۡ مِثۡقَالَ ذَرَّةٖ شَرّٗا يَرَهُۥ
আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।