আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ

Assamese translation

Scan the qr code to link to this page

سورة الليل - আল-লাইল

পৃষ্ঠা নং

আয়াত

আয়াত দেখুৱাওক
টোকা দেখুৱাওক
Share this page

আয়াত : 1
وَٱلَّيۡلِ إِذَا يَغۡشَىٰ
শপত ৰাতিৰ, যেতিয়া ই আচ্ছন্ন কৰে,
আয়াত : 2
وَٱلنَّهَارِ إِذَا تَجَلَّىٰ
শপত দিনৰ, যেতিয়া ই উজ্জ্বল হয়,
আয়াত : 3
وَمَا خَلَقَ ٱلذَّكَرَ وَٱلۡأُنثَىٰٓ
আৰু শপত সেই সত্ত্বাৰ, যিজনে নৰ আৰু নাৰীক সৃষ্টি কৰিছে।
আয়াত : 4
إِنَّ سَعۡيَكُمۡ لَشَتَّىٰ
নিশ্চয় তোমালোকৰ কৰ্মপ্ৰচেষ্টা বিভিন্ন প্ৰকৃতিৰ।
আয়াত : 5
فَأَمَّا مَنۡ أَعۡطَىٰ وَٱتَّقَىٰ
এতেকে যিয়ে দান কৰে আৰু তাক্বৱা অৱলম্বন কৰে,
আয়াত : 6
وَصَدَّقَ بِٱلۡحُسۡنَىٰ
লগতে যি উত্তম তাক সত্য বুলি গ্ৰহণ কৰে,
আয়াত : 7
فَسَنُيَسِّرُهُۥ لِلۡيُسۡرَىٰ
শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জান্নাতৰ) সহজ পথ।
আয়াত : 8
وَأَمَّا مَنۢ بَخِلَ وَٱسۡتَغۡنَىٰ
আনহাতে যিয়ে কৃপণালি কৰে আৰু নিজকে স্বয়ংসম্পূৰ্ণ বুলি ভাবে,
আয়াত : 9
وَكَذَّبَ بِٱلۡحُسۡنَىٰ
লগতে যি উত্তম তাক অস্বীকাৰ কৰে,
আয়াত : 10
فَسَنُيَسِّرُهُۥ لِلۡعُسۡرَىٰ
শীঘ্ৰেই আমি তাৰ বাবে সুগম কৰি দিম (জাহান্নামৰ) কঠিন পৰিণামৰ পথ।
আয়াত : 11
وَمَا يُغۡنِي عَنۡهُ مَالُهُۥٓ إِذَا تَرَدَّىٰٓ
যেতিয়া সি ধ্বংস হ’ব, তেতিয়া তাৰ সম্পদ কোনো কামত নাহিব।
আয়াত : 12
إِنَّ عَلَيۡنَا لَلۡهُدَىٰ
নিশ্চয় পথপ্ৰদৰ্শন কৰাটোৱে হৈছে আমাৰ কৰ্তব্য।
আয়াত : 13
وَإِنَّ لَنَا لَلۡأٓخِرَةَ وَٱلۡأُولَىٰ
নিশ্চয় আমিয়েই পৰকাল আৰু ইহকালৰ মালিক।
আয়াত : 14
فَأَنذَرۡتُكُمۡ نَارٗا تَلَظَّىٰ
এতেকে আমি তোমালোকক লেলিহান জুই সম্পৰ্কে সতৰ্ক কৰি দিছোঁ।

আয়াত : 15
لَا يَصۡلَىٰهَآ إِلَّا ٱلۡأَشۡقَى
তাত প্ৰৱেশ কৰিব কেৱল সেই ব্যক্তি, যিজন হ’ব চৰম দুৰ্ভগীয়া,
আয়াত : 16
ٱلَّذِي كَذَّبَ وَتَوَلَّىٰ
যিয়ে অস্বীকাৰ কৰিছে আৰু মুখ ঘূৰাই লৈছে।
আয়াত : 17
وَسَيُجَنَّبُهَا ٱلۡأَتۡقَى
আৰু ইয়াৰ পৰা দুৰৈত ৰখা হ’ব পৰম মুত্তাক্বী ব্যক্তিক,
আয়াত : 18
ٱلَّذِي يُؤۡتِي مَالَهُۥ يَتَزَكَّىٰ
যিয়ে আত্মশুদ্ধিৰ বাবে নিজৰ সম্পদ দান কৰে,
আয়াত : 19
وَمَا لِأَحَدٍ عِندَهُۥ مِن نِّعۡمَةٖ تُجۡزَىٰٓ
আৰু তাৰ প্ৰতি কাৰো এনে অনুগ্ৰহ নাই যাৰ প্ৰতিদান দিব লাগিব,
আয়াত : 20
إِلَّا ٱبۡتِغَآءَ وَجۡهِ رَبِّهِ ٱلۡأَعۡلَىٰ
কেৱল তাৰ মহান প্ৰতিপালকৰ সন্তুষ্টিৰ প্ৰত্যাশাত;
আয়াত : 21
وَلَسَوۡفَ يَرۡضَىٰ
আৰু অনতিপলমে তেওঁ সন্তুষ্টি লাভ কৰিব।
সফলভাৱে প্ৰেৰণ হৈছে