আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ

Assamese translation

Scan the qr code to link to this page

سورة النازعات - আন-নাঝিআত

পৃষ্ঠা নং

আয়াত

আয়াত দেখুৱাওক
টোকা দেখুৱাওক
Share this page

আয়াত : 1
وَٱلنَّٰزِعَٰتِ غَرۡقٗا
শপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ।
আয়াত : 2
وَٱلنَّٰشِطَٰتِ نَشۡطٗا
শপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।
আয়াত : 3
وَٱلسَّٰبِحَٰتِ سَبۡحٗا
শপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।
আয়াত : 4
فَٱلسَّٰبِقَٰتِ سَبۡقٗا
আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।
আয়াত : 5
فَٱلۡمُدَبِّرَٰتِ أَمۡرٗا
তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।
আয়াত : 6
يَوۡمَ تَرۡجُفُ ٱلرَّاجِفَةُ
সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।
আয়াত : 7
تَتۡبَعُهَا ٱلرَّادِفَةُ
তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে।
আয়াত : 8
قُلُوبٞ يَوۡمَئِذٖ وَاجِفَةٌ
সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।
আয়াত : 9
أَبۡصَٰرُهَا خَٰشِعَةٞ
সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।
আয়াত : 10
يَقُولُونَ أَءِنَّا لَمَرۡدُودُونَ فِي ٱلۡحَافِرَةِ
সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে?
আয়াত : 11
أَءِذَا كُنَّا عِظَٰمٗا نَّخِرَةٗ
যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?
আয়াত : 12
قَالُواْ تِلۡكَ إِذٗا كَرَّةٌ خَاسِرَةٞ
সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।
আয়াত : 13
فَإِنَّمَا هِيَ زَجۡرَةٞ وَٰحِدَةٞ
প্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ।
আয়াত : 14
فَإِذَا هُم بِٱلسَّاهِرَةِ
তৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।
আয়াত : 15
هَلۡ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ
মূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে?

আয়াত : 16
إِذۡ نَادَىٰهُ رَبُّهُۥ بِٱلۡوَادِ ٱلۡمُقَدَّسِ طُوًى
যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,
আয়াত : 17
ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ
‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে,
আয়াত : 18
فَقُلۡ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ
এতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে?
আয়াত : 19
وَأَهۡدِيَكَ إِلَىٰ رَبِّكَ فَتَخۡشَىٰ
আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।
আয়াত : 20
فَأَرَىٰهُ ٱلۡأٓيَةَ ٱلۡكُبۡرَىٰ
তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।
আয়াত : 21
فَكَذَّبَ وَعَصَىٰ
কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।
আয়াত : 22
ثُمَّ أَدۡبَرَ يَسۡعَىٰ
তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।
আয়াত : 23
فَحَشَرَ فَنَادَىٰ
তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,
আয়াত : 24
فَقَالَ أَنَا۠ رَبُّكُمُ ٱلۡأَعۡلَىٰ
আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।
আয়াত : 25
فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلۡأٓخِرَةِ وَٱلۡأُولَىٰٓ
অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।
আয়াত : 26
إِنَّ فِي ذَٰلِكَ لَعِبۡرَةٗ لِّمَن يَخۡشَىٰٓ
নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।
আয়াত : 27
ءَأَنتُمۡ أَشَدُّ خَلۡقًا أَمِ ٱلسَّمَآءُۚ بَنَىٰهَا
তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।
আয়াত : 28
رَفَعَ سَمۡكَهَا فَسَوَّىٰهَا
তেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।
আয়াত : 29
وَأَغۡطَشَ لَيۡلَهَا وَأَخۡرَجَ ضُحَىٰهَا
আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।
আয়াত : 30
وَٱلۡأَرۡضَ بَعۡدَ ذَٰلِكَ دَحَىٰهَآ
তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে।
আয়াত : 31
أَخۡرَجَ مِنۡهَا مَآءَهَا وَمَرۡعَىٰهَا
তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,
আয়াত : 32
وَٱلۡجِبَالَ أَرۡسَىٰهَا
আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,
আয়াত : 33
مَتَٰعٗا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ
এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।
আয়াত : 34
فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلۡكُبۡرَىٰ
আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,
আয়াত : 35
يَوۡمَ يَتَذَكَّرُ ٱلۡإِنسَٰنُ مَا سَعَىٰ
সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,
আয়াত : 36
وَبُرِّزَتِ ٱلۡجَحِيمُ لِمَن يَرَىٰ
আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব।
আয়াত : 37
فَأَمَّا مَن طَغَىٰ
এতেকে যিয়ে সীমালংঘন কৰে,
আয়াত : 38
وَءَاثَرَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا
আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,
আয়াত : 39
فَإِنَّ ٱلۡجَحِيمَ هِيَ ٱلۡمَأۡوَىٰ
নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।
আয়াত : 40
وَأَمَّا مَنۡ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفۡسَ عَنِ ٱلۡهَوَىٰ
আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,
আয়াত : 41
فَإِنَّ ٱلۡجَنَّةَ هِيَ ٱلۡمَأۡوَىٰ
নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।
আয়াত : 42
يَسۡـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرۡسَىٰهَا
সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?
আয়াত : 43
فِيمَ أَنتَ مِن ذِكۡرَىٰهَآ
সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?
আয়াত : 44
إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ
ইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে;
আয়াত : 45
إِنَّمَآ أَنتَ مُنذِرُ مَن يَخۡشَىٰهَا
যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।
আয়াত : 46
كَأَنَّهُمۡ يَوۡمَ يَرَوۡنَهَا لَمۡ يَلۡبَثُوٓاْ إِلَّا عَشِيَّةً أَوۡ ضُحَىٰهَا
যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।
সফলভাৱে প্ৰেৰণ হৈছে