আয়াত :
56
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا مُبَشِّرٗا وَنَذِيرٗا
আৰু আমি তোমাক কেৱল সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপেহে প্ৰেৰণ কৰিছোঁ।
আয়াত :
57
قُلۡ مَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍ إِلَّا مَن شَآءَ أَن يَتَّخِذَ إِلَىٰ رَبِّهِۦ سَبِيلٗا
কোৱা, ‘মই তোমালোকৰ ওচৰত ইয়াৰ বিনিময় কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, কিন্তু যাৰ ইচ্ছা সি নিজ প্ৰতিপালকৰ পথ অৱলম্বন কৰক (এইটোৱে মোৰ কামনা)’।
আয়াত :
58
وَتَوَكَّلۡ عَلَى ٱلۡحَيِّ ٱلَّذِي لَا يَمُوتُ وَسَبِّحۡ بِحَمۡدِهِۦۚ وَكَفَىٰ بِهِۦ بِذُنُوبِ عِبَادِهِۦ خَبِيرًا
আৰু তুমি কেৱল সেই সত্ত্বাৰ প্ৰতি নিৰ্ভৰ কৰা যিজন চিৰঞ্জীৱ, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব, সেয়ে প্ৰশংসাৰ সৈতে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা, তেওঁৰ বান্দাসকলৰ পাপ সম্পৰ্কে খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট।
আয়াত :
59
ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ ٱلرَّحۡمَٰنُ فَسۡـَٔلۡ بِهِۦ خَبِيرٗا
তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰক ছয় দিনত সৃষ্টি কৰিছে; তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেৱেঁই ৰহমান, এতেকে তেওঁৰ বিষয়ে যিয়ে জানে তাক সুধি চোৱা।
আয়াত :
60
وَإِذَا قِيلَ لَهُمُ ٱسۡجُدُواْۤ لِلرَّحۡمَٰنِ قَالُواْ وَمَا ٱلرَّحۡمَٰنُ أَنَسۡجُدُ لِمَا تَأۡمُرُنَا وَزَادَهُمۡ نُفُورٗا۩
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকে ৰহমানৰ প্ৰতি ছাজদাহ কৰা’, তেতিয়া সিহঁতে কয়, ‘ৰহমান আকৌ কি? তুমি কাৰোবাক ছাজদাহ কৰিব ক’লেই আমি তাক ছাজদাহ কৰিমনে’? (এনে আহ্বানে) কেৱল সিহঁতৰ পলায়নপৰতাই বৃদ্ধি কৰে।
আয়াত :
61
تَبَارَكَ ٱلَّذِي جَعَلَ فِي ٱلسَّمَآءِ بُرُوجٗا وَجَعَلَ فِيهَا سِرَٰجٗا وَقَمَرٗا مُّنِيرٗا
অতি বৰকতময় সেই সত্ত্বা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ (সূৰ্য), লগতে আলো বিকিৰণকাৰী চন্দ্ৰ।
আয়াত :
62
وَهُوَ ٱلَّذِي جَعَلَ ٱلَّيۡلَ وَٱلنَّهَارَ خِلۡفَةٗ لِّمَنۡ أَرَادَ أَن يَذَّكَّرَ أَوۡ أَرَادَ شُكُورٗا
আৰু তেৱেঁই দিন আৰু ৰাতিক পৰস্পৰৰ অনুগামী কৰিছে, সেই ব্যক্তিৰ বাবে যিয়ে উপদেশ গ্ৰহণ কৰিব বিচাৰে অথবা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰে।
আয়াত :
63
وَعِبَادُ ٱلرَّحۡمَٰنِ ٱلَّذِينَ يَمۡشُونَ عَلَى ٱلۡأَرۡضِ هَوۡنٗا وَإِذَا خَاطَبَهُمُ ٱلۡجَٰهِلُونَ قَالُواْ سَلَٰمٗا
আৰু ৰহমানৰ (প্ৰকৃত) বান্দা তেওঁলোকেই যিসকলে পৃথিৱীত অত্যন্ত বিনম্ৰভাৱে চলাফুৰা কৰে আৰু যেতিয়া মুৰ্খসকলে তেওঁলোকক (অশালীন ভাষাত) সম্বোধন কৰে, তেতিয়া তেওঁলোকে কয়, ‘ছালাম’;
আয়াত :
64
وَٱلَّذِينَ يَبِيتُونَ لِرَبِّهِمۡ سُجَّدٗا وَقِيَٰمٗا
আৰু যিসকলে নিজ প্ৰতিপালকৰ উদ্দেশ্যে ছাজদাৱনত হৈ আৰু থিয় হৈ (ইবাদত কৰি) থকা অৱস্থাত উজাগৰে ৰাতি কটায়;
আয়াত :
65
وَٱلَّذِينَ يَقُولُونَ رَبَّنَا ٱصۡرِفۡ عَنَّا عَذَابَ جَهَنَّمَۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا
আৰু তেওঁলোকে কয়, ‘হে আমাৰ প্ৰতিপালক! তুমি আমাৰ পৰা জাহান্নামৰ শাস্তি আঁতৰাই দিয়া, নিশ্চয় ইয়াৰ শাস্তি অবিচ্ছিন্ন।
আয়াত :
66
إِنَّهَا سَآءَتۡ مُسۡتَقَرّٗا وَمُقَامٗا
‘নিশ্চয় সেয়া বসবাস আৰু অৱস্থানস্থল হিচাপে অতি নিকৃষ্ট’।
আয়াত :
67
وَٱلَّذِينَ إِذَآ أَنفَقُواْ لَمۡ يُسۡرِفُواْ وَلَمۡ يَقۡتُرُواْ وَكَانَ بَيۡنَ ذَٰلِكَ قَوَامٗا
আৰু তেওঁলোকে যেতিয়া ব্যয় কৰে তেতিয়া অপব্যয় নকৰে, আৰু কৃপণতাও নকৰে, বৰং (তেওঁলোকে) এই দুয়োৰে মধ্যৱৰ্তী পন্থা অৱলম্বন কৰে।