আয়াত :
6
أَسۡكِنُوهُنَّ مِنۡ حَيۡثُ سَكَنتُم مِّن وُجۡدِكُمۡ وَلَا تُضَآرُّوهُنَّ لِتُضَيِّقُواْ عَلَيۡهِنَّۚ وَإِن كُنَّ أُوْلَٰتِ حَمۡلٖ فَأَنفِقُواْ عَلَيۡهِنَّ حَتَّىٰ يَضَعۡنَ حَمۡلَهُنَّۚ فَإِنۡ أَرۡضَعۡنَ لَكُمۡ فَـَٔاتُوهُنَّ أُجُورَهُنَّ وَأۡتَمِرُواْ بَيۡنَكُم بِمَعۡرُوفٖۖ وَإِن تَعَاسَرۡتُمۡ فَسَتُرۡضِعُ لَهُۥٓ أُخۡرَىٰ
তোমালোকৰ সামৰ্থ অনুযায়ী য’ত তোমালোকে বসবাস কৰা তাতেই সিহঁতকো বাস কৰিবলৈ দিয়া, সিহঁতক সংকটত পেলাবলৈ কষ্ট নিদিবা; আৰু সিহঁত গৰ্ভৱতী থাকিলে সন্তান প্ৰসৱ নকৰালৈকে সিহঁতৰ বাবে ব্যয় কৰা। তাৰ পিছত যদি সিহঁতে তোমালোকৰ সন্তানক পিয়াহ খুওৱায় তেনেহ’লে সিহঁতক পাৰিশ্ৰমিক প্ৰদান কৰিবা আৰু (সন্তানৰ কল্যাণ সম্পৰ্কে) তোমালোকে নিজৰ মাজতেই সংগতভাৱে পৰামৰ্শ কৰা; আৰু যদি তোমালোকে পৰস্পৰে ঐক্যমত হ’বলৈ টান পোৱা তেনেহ’লে পিতাৰ ফালৰ পৰা আন তিৰোতাই পিয়াহ খুৱাব।
আয়াত :
7
لِيُنفِقۡ ذُو سَعَةٖ مِّن سَعَتِهِۦۖ وَمَن قُدِرَ عَلَيۡهِ رِزۡقُهُۥ فَلۡيُنفِقۡ مِمَّآ ءَاتَىٰهُ ٱللَّهُۚ لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا مَآ ءَاتَىٰهَاۚ سَيَجۡعَلُ ٱللَّهُ بَعۡدَ عُسۡرٖ يُسۡرٗا
বিত্তবানে নিজ সামৰ্থ অনুযায়ী ব্যয় কৰিব আৰু যাৰ জীৱনোপকৰণ সীমিত তাক আল্লাহে যি দান কৰিছে তাৰ পৰা ব্যয় কৰিব। আল্লাহে যাক যি সামৰ্থ দিছে তাতকৈ বেছি গুৰুতৰ বোজা তেওঁ তাৰ ওপৰত জাপি নিদিয়ে। নিশ্চয় আল্লাহে কঠিন অৱস্থাৰ পিছত সচ্ছলতা প্ৰদান কৰিব।
আয়াত :
8
وَكَأَيِّن مِّن قَرۡيَةٍ عَتَتۡ عَنۡ أَمۡرِ رَبِّهَا وَرُسُلِهِۦ فَحَاسَبۡنَٰهَا حِسَابٗا شَدِيدٗا وَعَذَّبۡنَٰهَا عَذَابٗا نُّكۡرٗا
আৰু বহুতো জনপদে সিহঁতৰ প্ৰতিপালক আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশৰ বিৰুদ্ধাচাৰণ কৰিছিল। ফলত আমি সিহঁতৰ পৰা কঠিন হিচাপ গ্ৰহণ কৰিছিলোঁ আৰু আমি সিহঁতক বিহিছিলোঁ কঠিন শাস্তি।
আয়াত :
9
فَذَاقَتۡ وَبَالَ أَمۡرِهَا وَكَانَ عَٰقِبَةُ أَمۡرِهَا خُسۡرًا
ফলত সিহঁতে নিজৰ কৃতকৰ্মৰ সোৱাদ পাইছিল; আৰু সিহঁতৰ কৰ্মৰ পৰিণাম আছিল ক্ষতিয়েই ক্ষতি।
আয়াত :
10
أَعَدَّ ٱللَّهُ لَهُمۡ عَذَابٗا شَدِيدٗاۖ فَٱتَّقُواْ ٱللَّهَ يَٰٓأُوْلِي ٱلۡأَلۡبَٰبِ ٱلَّذِينَ ءَامَنُواْۚ قَدۡ أَنزَلَ ٱللَّهُ إِلَيۡكُمۡ ذِكۡرٗا
আল্লাহে সিহঁতৰ বাবে কঠিন শাস্তি প্ৰস্তুত কৰি ৰাখিছে। এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, হে বোধশক্তিসম্পন্ন ব্যক্তিসকল! যিসকলে ঈমান আনিছা। নিশ্চয় আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে উপদেশ---
আয়াত :
11
رَّسُولٗا يَتۡلُواْ عَلَيۡكُمۡ ءَايَٰتِ ٱللَّهِ مُبَيِّنَٰتٖ لِّيُخۡرِجَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ مِنَ ٱلظُّلُمَٰتِ إِلَى ٱلنُّورِۚ وَمَن يُؤۡمِنۢ بِٱللَّهِ وَيَعۡمَلۡ صَٰلِحٗا يُدۡخِلۡهُ جَنَّٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۖ قَدۡ أَحۡسَنَ ٱللَّهُ لَهُۥ رِزۡقًا
এজন ৰাছুল, যিয়ে তোমালোকৰ ওচৰত আল্লাহৰ সুস্পষ্ট আয়াতসমূহ তিলাৱাত কৰে, যাতে সেইসকল লোকক অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনিব পাৰে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে; এতেকে যিয়ে আল্লাহৰ ওপৰত ঈমান আনিব আৰু সৎকাম কৰিব, তেওঁ তাক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত চিৰকাল অৱস্থান কৰিব। নিশ্চয় আল্লাহে তাক উত্তম জীৱিকা প্ৰদান কৰিব।
আয়াত :
12
ٱللَّهُ ٱلَّذِي خَلَقَ سَبۡعَ سَمَٰوَٰتٖ وَمِنَ ٱلۡأَرۡضِ مِثۡلَهُنَّۖ يَتَنَزَّلُ ٱلۡأَمۡرُ بَيۡنَهُنَّ لِتَعۡلَمُوٓاْ أَنَّ ٱللَّهَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ وَأَنَّ ٱللَّهَ قَدۡ أَحَاطَ بِكُلِّ شَيۡءٍ عِلۡمَۢا
তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান; আৰু আল্লাহে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।