আয়াত :
1
عَبَسَ وَتَوَلَّىٰٓ
তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে,
আয়াত :
2
أَن جَآءَهُ ٱلۡأَعۡمَىٰ
তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে।
আয়াত :
3
وَمَا يُدۡرِيكَ لَعَلَّهُۥ يَزَّكَّىٰٓ
কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,
আয়াত :
4
أَوۡ يَذَّكَّرُ فَتَنفَعَهُ ٱلذِّكۡرَىٰٓ
অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।
আয়াত :
5
أَمَّا مَنِ ٱسۡتَغۡنَىٰ
আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে,
আয়াত :
6
فَأَنتَ لَهُۥ تَصَدَّىٰ
তুমি তাৰ প্ৰতি মনোযোগ দিছা।
আয়াত :
7
وَمَا عَلَيۡكَ أَلَّا يَزَّكَّىٰ
অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই,
আয়াত :
8
وَأَمَّا مَن جَآءَكَ يَسۡعَىٰ
আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল,
আয়াত :
9
وَهُوَ يَخۡشَىٰ
আৰু সি (আল্লাহক) ভয়ো কৰে,
আয়াত :
10
فَأَنتَ عَنۡهُ تَلَهَّىٰ
তাৰ প্ৰতি তুমি উদাসীন হ’লা।
আয়াত :
11
كَلَّآ إِنَّهَا تَذۡكِرَةٞ
কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী,
আয়াত :
12
فَمَن شَآءَ ذَكَرَهُۥ
গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,
আয়াত :
13
فِي صُحُفٖ مُّكَرَّمَةٖ
এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।
আয়াত :
14
مَّرۡفُوعَةٖ مُّطَهَّرَةِۭ
সমুন্নত, পৱিত্ৰ,
আয়াত :
15
بِأَيۡدِي سَفَرَةٖ
লেখক বা দূতসকলৰ হাতত।
আয়াত :
16
كِرَامِۭ بَرَرَةٖ
(যিসকল) মহাসন্মানিত, পূণ্যৱান।
আয়াত :
17
قُتِلَ ٱلۡإِنسَٰنُ مَآ أَكۡفَرَهُۥ
মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ!
আয়াত :
18
مِنۡ أَيِّ شَيۡءٍ خَلَقَهُۥ
তেওঁ তাক কি বস্তুৰ পৰা সৃষ্টি কৰিছে?
আয়াত :
19
مِن نُّطۡفَةٍ خَلَقَهُۥ فَقَدَّرَهُۥ
শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,
আয়াত :
20
ثُمَّ ٱلسَّبِيلَ يَسَّرَهُۥ
তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;
আয়াত :
21
ثُمَّ أَمَاتَهُۥ فَأَقۡبَرَهُۥ
তাৰ পিছত তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।
আয়াত :
22
ثُمَّ إِذَا شَآءَ أَنشَرَهُۥ
আকৌ যেতিয়া তেওঁ ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।
আয়াত :
23
كَلَّا لَمَّا يَقۡضِ مَآ أَمَرَهُۥ
কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই।
আয়াত :
24
فَلۡيَنظُرِ ٱلۡإِنسَٰنُ إِلَىٰ طَعَامِهِۦٓ
এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।
আয়াত :
25
أَنَّا صَبَبۡنَا ٱلۡمَآءَ صَبّٗا
নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,
আয়াত :
26
ثُمَّ شَقَقۡنَا ٱلۡأَرۡضَ شَقّٗا
তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;
আয়াত :
27
فَأَنۢبَتۡنَا فِيهَا حَبّٗا
তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য;
আয়াত :
28
وَعِنَبٗا وَقَضۡبٗا
আঙুৰ আৰু শাক-পাচলি,
আয়াত :
29
وَزَيۡتُونٗا وَنَخۡلٗا
যায়তুন আৰু খেজুৰ গছ,
আয়াত :
30
وَحَدَآئِقَ غُلۡبٗا
ঘন গছ-গছনি বিশিষ্ট উদ্যান,
আয়াত :
31
وَفَٰكِهَةٗ وَأَبّٗا
ফল-মূল আৰু তৃণ-ঘাঁহ,
আয়াত :
32
مَّتَٰعٗا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ
এইবোৰ তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ জীৱনোপকৰণৰ বাবে।
আয়াত :
33
فَإِذَا جَآءَتِ ٱلصَّآخَّةُ
এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব,
আয়াত :
34
يَوۡمَ يَفِرُّ ٱلۡمَرۡءُ مِنۡ أَخِيهِ
সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,
আয়াত :
35
وَأُمِّهِۦ وَأَبِيهِ
আৰু তাৰ মাক-বাপেকৰ পৰা,
আয়াত :
36
وَصَٰحِبَتِهِۦ وَبَنِيهِ
তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,
আয়াত :
37
لِكُلِّ ٱمۡرِيٕٖ مِّنۡهُمۡ يَوۡمَئِذٖ شَأۡنٞ يُغۡنِيهِ
সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব, এনে এক গুৰুতৰ অৱস্থা যিটো তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।
আয়াত :
38
وُجُوهٞ يَوۡمَئِذٖ مُّسۡفِرَةٞ
সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,
আয়াত :
39
ضَاحِكَةٞ مُّسۡتَبۡشِرَةٞ
হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,
আয়াত :
40
وَوُجُوهٞ يَوۡمَئِذٍ عَلَيۡهَا غَبَرَةٞ
আৰু সেইদিনা কিছুমান চেহেৰা ধূলিৰে মলিন হ’ব,
আয়াত :
41
تَرۡهَقُهَا قَتَرَةٌ
ক’লা আৱৰণে আৱৰি ধৰিব।
আয়াত :
42
أُوْلَٰٓئِكَ هُمُ ٱلۡكَفَرَةُ ٱلۡفَجَرَةُ
ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী।