আয়াত :
1
إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ
যেতিয়া আকাশখন ভাগি পৰিব,
আয়াত :
2
وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰ্তব্য।
আয়াত :
3
وَإِذَا ٱلۡأَرۡضُ مُدَّتۡ
আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।
আয়াত :
4
وَأَلۡقَتۡ مَا فِيهَا وَتَخَلَّتۡ
আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।
আয়াত :
5
وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ
আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে তাৰ কৰ্তব্য।
আয়াত :
6
يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدۡحٗا فَمُلَٰقِيهِ
হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তেওঁৰ সাক্ষাৎ লাভ কৰিবা।
আয়াত :
7
فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ
এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;
আয়াত :
8
فَسَوۡفَ يُحَاسَبُ حِسَابٗا يَسِيرٗا
অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।
আয়াত :
9
وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورٗا
আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;
আয়াত :
10
وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ
আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,
আয়াত :
11
فَسَوۡفَ يَدۡعُواْ ثُبُورٗا
সি নিজৰ বাবে ধ্বংস মাতিব;
আয়াত :
12
وَيَصۡلَىٰ سَعِيرًا
আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;
আয়াত :
13
إِنَّهُۥ كَانَ فِيٓ أَهۡلِهِۦ مَسۡرُورًا
নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,
আয়াত :
14
إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ
নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;
আয়াত :
15
بَلَىٰٓۚ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرٗا
কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।
আয়াত :
16
فَلَآ أُقۡسِمُ بِٱلشَّفَقِ
এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,
আয়াত :
17
وَٱلَّيۡلِ وَمَا وَسَقَ
ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,
আয়াত :
18
وَٱلۡقَمَرِ إِذَا ٱتَّسَقَ
আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;
আয়াত :
19
لَتَرۡكَبُنَّ طَبَقًا عَن طَبَقٖ
নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।
আয়াত :
20
فَمَا لَهُمۡ لَا يُؤۡمِنُونَ
কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?
আয়াত :
21
وَإِذَا قُرِئَ عَلَيۡهِمُ ٱلۡقُرۡءَانُ لَا يَسۡجُدُونَۤ۩
আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?
আয়াত :
22
بَلِ ٱلَّذِينَ كَفَرُواْ يُكَذِّبُونَ
বৰং কাফিৰসকলে অস্বীকাৰ কৰে।
আয়াত :
23
وَٱللَّهُ أَعۡلَمُ بِمَا يُوعُونَ
আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।
আয়াত :
24
فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٍ
সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;
আয়াত :
25
إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونِۭ
কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।