আয়াত :
77
أَفَرَءَيۡتَ ٱلَّذِي كَفَرَ بِـَٔايَٰتِنَا وَقَالَ لَأُوتَيَنَّ مَالٗا وَوَلَدًا
তুমি সেইজন ব্যক্তিক দেখিছানে, যিয়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে আৰু কয়, ‘নিশ্চয় মোক ধন-সম্পদ আৰু সন্তান-সন্ততি দিয়া হ’ব’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
78
أَطَّلَعَ ٱلۡغَيۡبَ أَمِ ٱتَّخَذَ عِندَ ٱلرَّحۡمَٰنِ عَهۡدٗا
সি গায়েব সম্পৰ্কে অৱহিত হৈছে নেকি, নে ৰহমানৰ পৰা কোনো প্ৰতিশ্ৰুতি লাভ কৰিছে?
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
79
كَلَّاۚ سَنَكۡتُبُ مَا يَقُولُ وَنَمُدُّ لَهُۥ مِنَ ٱلۡعَذَابِ مَدّٗا
কেতিয়াও নহয়, সি যি কয় আমি সেয়া লিখি ৰাখিম আৰু তাৰ শাস্তিহে বৃদ্ধি কৰি থাকিম।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
80
وَنَرِثُهُۥ مَا يَقُولُ وَيَأۡتِينَا فَرۡدٗا
আৰু সি যি (ধন-সম্পদ, জনবলৰ কথা) কয়, (তাৰ মৃত্যুৰ পিছত) সেয়া থাকিব আমাৰ অধিকাৰত আৰু সি অকলশৰীয়া হৈ আমাৰ ওচৰতেই উপস্থিত হ'বহি।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
81
وَٱتَّخَذُواْ مِن دُونِ ٱللَّهِ ءَالِهَةٗ لِّيَكُونُواْ لَهُمۡ عِزّٗا
আৰু সিহঁতে আল্লাহৰ বাহিৰে বহুতো ইলাহ গ্ৰহণ কৰিছে, যাতে সেইবোৰ সিহঁতৰ বাবে সন্মানৰ কাৰণ হয় (আৰু সহায়ক হয়);
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
82
كَلَّاۚ سَيَكۡفُرُونَ بِعِبَادَتِهِمۡ وَيَكُونُونَ عَلَيۡهِمۡ ضِدًّا
কেতিয়াও নহয়, অনতিপলমে সিহঁতে (উপাস্যবোৰে) সিহঁতৰ ইবাদতক অস্বীকাৰ কৰিব আৰু সিহঁতৰ বিৰোধী হৈ যাব।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
83
أَلَمۡ تَرَ أَنَّآ أَرۡسَلۡنَا ٱلشَّيَٰطِينَ عَلَى ٱلۡكَٰفِرِينَ تَؤُزُّهُمۡ أَزّٗا
তুমি লক্ষ্য কৰা নাইনে, আমি কাফিৰসকলৰ বাবে চয়তানবোৰক এৰি থৈছোঁ, সিহঁতক বেয়া কামত বিশেষভাৱে প্ৰলুব্ধ কৰাৰ বাবে?
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
84
فَلَا تَعۡجَلۡ عَلَيۡهِمۡۖ إِنَّمَا نَعُدُّ لَهُمۡ عَدّٗا
এতেকে সিহঁতৰ বিষয়ে তুমি খৰখেদা নকৰিবা। নিশ্চয় আমি সিহঁতৰ নিৰ্ধাৰিত কাল গণনা কৰিছোঁ,
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
85
يَوۡمَ نَحۡشُرُ ٱلۡمُتَّقِينَ إِلَى ٱلرَّحۡمَٰنِ وَفۡدٗا
(স্মৰণ কৰা) যিদিনা আমি ৰহমানৰ ওচৰত মুত্তাক্বীসকলক সন্মানিত অতিথিৰূপে সমবেত কৰিম,
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
86
وَنَسُوقُ ٱلۡمُجۡرِمِينَ إِلَىٰ جَهَنَّمَ وِرۡدٗا
আৰু অপৰাধীবিলাকক তৃষ্ণাতুৰ অৱস্থাত জাহান্নামৰ ফালে খেদি লৈ যাম।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
87
لَّا يَمۡلِكُونَ ٱلشَّفَٰعَةَ إِلَّا مَنِ ٱتَّخَذَ عِندَ ٱلرَّحۡمَٰنِ عَهۡدٗا
যিসকলে ৰহমানৰ পৰা প্ৰতিশ্ৰুতি লৈছে, তেওঁলোকৰ বাহিৰে কোনেও চুপাৰিছ কৰিব নোৱাৰিব।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
88
وَقَالُواْ ٱتَّخَذَ ٱلرَّحۡمَٰنُ وَلَدٗا
আৰু সিহঁতে কয়, ‘ৰহমানে সন্তান গ্ৰহণ কৰিছে’।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
89
لَّقَدۡ جِئۡتُمۡ شَيۡـًٔا إِدّٗا
নিশ্চয় তোমালোকে এটা বীভৎস বিষয়ৰ অৱতাৰণা কৰিছা;
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
90
تَكَادُ ٱلسَّمَٰوَٰتُ يَتَفَطَّرۡنَ مِنۡهُ وَتَنشَقُّ ٱلۡأَرۡضُ وَتَخِرُّ ٱلۡجِبَالُ هَدًّا
(এনেকুৱা বিষয়) যাৰ ফলত আকাশসমূহ বিদীৰ্ণ হৈ যোৱাৰ উপক্ৰম হয়, আৰু পৃথিৱী খণ্ড-বিখণ্ড হ’ব আৰু পাহাৰ-পৰ্বত চূৰ্ণ-বিচূৰ্ণ হৈ যাব,
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
91
أَن دَعَوۡاْ لِلرَّحۡمَٰنِ وَلَدٗا
এইকাৰণে যে, সিহঁতে ৰহমানৰ প্ৰতি সন্তান আৰোপ কৰিছে।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
92
وَمَا يَنۢبَغِي لِلرَّحۡمَٰنِ أَن يَتَّخِذَ وَلَدًا
অথচ সন্তান গ্ৰহণ কৰা ৰহমানৰ বাবে শোভনীয় নহয়।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
93
إِن كُلُّ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ إِلَّآ ءَاتِي ٱلرَّحۡمَٰنِ عَبۡدٗا
আকাশসমূহ আৰু পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে ৰহমানৰ ওচৰত বান্দাৰূপে উপস্থিত নহ’ব।
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
94
لَّقَدۡ أَحۡصَىٰهُمۡ وَعَدَّهُمۡ عَدّٗا
তেওঁ সিহঁতৰ সংখ্যা জানে আৰু তেওঁ সিহঁতক বিশেষভাৱে গণনা কৰি থৈছে,
অন্যান্য অনুবাদসমূহ দেখুৱাওক
আয়াত :
95
وَكُلُّهُمۡ ءَاتِيهِ يَوۡمَ ٱلۡقِيَٰمَةِ فَرۡدًا
আৰু কিয়ামতৰ দিনা সিহঁত সকলোৱে তেওঁৰ ওচৰত অকলশৰীয়া হৈ আহিব।
অন্যান্য অনুবাদসমূহ দেখুৱাওক